Lyrics

পুৱতিৰে, কাঁচিয়লী ৰ'দতে আছা তুমি ভাৱনাৰে, পদূলিতে দোলা দি আছা তুমি মনে-মনে, কাণে-কাণে গোৱা প্ৰেমৰে সুৰ লাহে-লাহে, বাঢ়ি আহে তোমালৈ মৰমমোৰ তুমিয়েই, ঠিকনা প্ৰৱাসী ভাৱনাৰ শাওনৰ বাৰিষাৰ হেজাৰ কবিতাৰ মোৰে বেদনাৰে সুৰ কোনোবাই জানো শুনিছে? সন্ধিয়াৰ বেলিতে বেদনা কোনে সানিলে? কিয়নো, এনে হয়? নিশা উজাগৰী হয় কাষতে থাকিও আজি তুমি মোৰে নহয়। আকৌ এবাৰ,সপোনতে তোমাৰে স্মৃতিবোৰ লাহে-লাহে, বাঢ়ি আহে তোমালৈ মৰম মোৰ তুমিয়েই, ঠিকনা প্ৰৱাসী ভাৱনাৰ শাওনৰ বাৰিষাৰ হেজাৰ কবিতাৰ
Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out